গুৱাহাটীঃ শেহতীয়া কোৰোনা পৰিস্থিতিৰ বুজ লবলৈ জিএমচিএইচত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী। আলোচনাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে –
ৰাজ্যত ২৭,৫৬,৭৯০ জন ব্যক্তিক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন ।
তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যাব ড০ হিমন্ত বিশ্ব শৰ্মা ।
১৭ মে’ৰ পৰা ৫০ বছৰৰ উৰ্ধৰ ব্যক্তিৰ ক’ভিড হ’লে হস্পিতাল অথবা ক’ভিড কেয়াৰ চেন্টাৰত থাকিব লাগিব ।

আৰু পঢ়কঃঅভয়াপুৰী জিলা কাৰাগাৰৰ ভিতৰত ক’ভিডৰ ভয়াবহ সংক্ৰমণ
১৭ মেৰ পৰা মহানগৰীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব। ৩ হাজাৰ অতিৰিক্ত বিচনা নিৰ্মাণ কৰা হ’ব ।
লকডাউনৰ সম্ভাৱনা সমগ্ৰ অসমত নাই যদিও তিনিচুকীয়া,ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাত যদি পৰিস্থিতি নিয়ন্ত্ৰণ নহয় তেনেহ’লে কঠোৰ কৰা হ’ব নীতি নিয়ম ।
কোৱাৰেন্টাইনত থকা দুখীয়া লোকক ২ হাজাৰকৈ টকাৰ খাদ্য সামগ্ৰী প্ৰদান কৰা হ’ব ।

ডিগবৈৰ টিংৰাই বজাৰত দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত গ্ৰেনেড বিস্ফোৰণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ উদ্বেগ প্ৰকাশ ।আৰক্ষী সঞ্চালক প্ৰধানক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply