গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ

জলবায়ুৰ পৰিবৰ্তন আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতাক লৈ সমগ্ৰ বিশ্বই উদীগ্ন হোৱাৰ সময়তে অসম চৰকাৰে বনধ্বংস অভিযানৰ নেতৃত্ব দিয়া কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

হোজাই জিলাৰ পৰা কাৰ্ব আংলং সংযোগী পথত ১৩ কিলোমিটাৰ দৈঘ্যৰ এটা অঞ্চল শালবাগান নামেৰে পৰিচিত এই শাল গছবোৰৰ বাবে । অধিকাংশ গছৰেই বয়স ৬০ ৰ পৰা ১০০ বছৰৰ পুৰণি । এতিয়া এই শালগছবোৰ কাটি চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে সাজু হৈছে অসম চৰকাৰ ।

বনবিভাগেও গছবোৰ কাটিবৰ বাবে অনুমতি দিছে । বিভাগৰ ফালৰ পৰা গছবোৰত মোহৰ মাৰিছে । স্থানীয় দল সংগঠন , প্ৰকৃতিপ্ৰেমী ৰাইজে বন বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যদিও চৰকাৰে মুঠেও গুৰুত্ব দিয়া নাই চৰকাৰে ।
ৰাস্তা বহলাবৰ বাবে আন ৰাস্তাও আছে যদিও কোৱাৰীসমূহৰ মালিকক সুৰক্ষা দিবলৈ চৰকাৰে শাল গছসমূহ ধ্বংস কৰিবলৈ অনুমতি দিয়াৰ অভিযোগ ঐক্য সেনা অসমৰ ।

বন বিভাগৰ অধীনস্থ এই গছবোৰ দীৰ্ঘকাল ধৰি অঞ্চলটোৰ প্ৰায় ৫৯০ ঘৰ মানুহেই চোৱাচিতা কৰি আহিছিল যদিও ইয়াৰ সমুলঞ্চে নাইকীয়া কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত অঞ্চলবাসীক এবাৰো সোধাৰ প্ৰয়োজন বোধ নকৰিলে বিভাগে ।
সমগ্ৰ অঞ্চলটোত এই গছসমূহ কাটি পেলোৱাৰ ফলত প্ৰাকৃতিক ভাৰসাম্যৰ দিশত যি প্ৰভাব পৰিব তাক লৈ কোনো গুৰুত্ব নাই বন বিভাগৰ । চৰকাৰ খনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অন্তিম সময়লৈকে বাধা দি যোৱাৰ সংকল্প লৈছে দল সংগঠন সমূহে ।

লগতে পঢ়ক- হোজাইৰ মোৰাঝাৰত তিনি কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply