গুৱাহাটী : ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য। ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ এচ ডি আৰ এফৰ অধীনত আগবঢ়োৱা হৈছে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য।
এই সাহাৰ্য লাভ কৰাৰ বাবে হিতাধিকাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয় বা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি সংশ্লিষ্ট কাৰ্যালয়ত আবেদনপত্ৰসমূহ জমা দিব লাগিব।
লগতে পঢ়ক : লখিমপুৰত মহিলাৰ ওপৰত এচিড আক্ৰমণ
উপায়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা এক প্ৰেছ বিবৃত্তিযোগে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য সম্পৰ্কে জানিবলৈ দিয়া হৈছে।