গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত ৫০৮ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। অৱশ্যে এজন ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। সোমবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৬.৭৩ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত সোমবাৰে ৭,৫৪৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৫০৮ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই।

সোমবাৰৰ দিনটোত সৰ্বাধিক ৪৬ জন লোক আক্রান্ত হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাৰ লগতে ৪৬ জন লোক লখিমপুৰ জিলাত, ৩৮ জন লোক কামৰূপ মহানগৰ জিলাত, ২৮ জন লোক শোণিতপু জিলাত আৰু ২৫ জন লোক আক্রান্ত হৈছে বিশ্বনাথ জিলাত। সোমবাৰৰ দিনটোত ৫০৮ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,২৯৬ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক – সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ৪আগষ্টলৈকে হ’ব ধাৰাসাৰ বৃষ্টিপাত

ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৬১৮ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply