গুৱাহাটী: ড০ হিমন্ত বিশ্ব শৰ্মাই মুক্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা বিগত ১৩ মাহত অসমত ১৬১ টা আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। এই সময়ছোৱাত আৰক্ষীৰ এনকাউন্টাৰত ৫১ জন অভিযুক্ত নিহত হোৱাৰ লগতে ১৩৯ জন আঘাতপ্ৰাপ্ত হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ক দাখিল কৰা শপতনামাত অসম চৰকাৰে এই তথ্য সদৰী কৰে। মঙলবাৰে উচ্চ ন্যায়ালয়ে বিষয়টো সম্পৰ্কত অনুষ্ঠিত হ’ব লগা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি ২৯ জুলাইলৈ পিছোৱাই দিয়ে।
শপতনামাত গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব অনিমেশ তালুকদাৰে কয়, ‘’ৰেকৰ্ড মতে, ২০২১ চনৰ মে’ৰ পৰা আৰক্ষীৰ জিম্মাত ৫১ জন নিহত হোৱাৰ লগতে ১৩৯ জন আহত হৈছে। এই ঘটনাসমূহ ৰাজ্যৰ ৩১ খন জিলাত সংঘটিত হৈছে।‘’
সংবাদ সংস্থা পি টি আইয়ে শপতনামাক উদ্ধৃত কৰি কয়, ‘’… ২০২১ চনৰ মে’ মাহৰ পৰা ৩১.০৫.২০২২ লৈকে কাৰ্যকৰী হোৱাকৈ অসমৰ ৩১ খন জিলাত মুঠ ১৬১ টা গোচৰ পঞ্জীয়ন কৰা হৈছে।‘’
ইয়াত উল্লেখ কৰা মতে, আটাইকেইটা গোচৰতে এজাহাৰ দাখিল কৰা হৈছে আৰু উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি তদন্ত কৰা হৈছে।
আনহাতে, ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ আৱেদনকাৰী অধিবক্তা আৰিফ মোড য়েছিন জ্বাদৰে আৰক্ষীৰ গুলীচালনাৰ প্ৰতিটো ঘটনাৰ সুকীয়াকৈ এজাহাৰ পঞ্জীয়ন কৰা হোৱা নাই বুলি অনা অভিযোগ অসম চৰকাৰে অস্বীকাৰ কৰিছে।
অসম চৰকাৰে ন্যায়ালয়ক দিয়া শপতনামাত ‘’আৱেদনকাৰী গৰাকীয়ে অভিযোগ কৰাৰ দৰে ন্যায়িক ক্ষমতা বহিৰ্ভূত কোনো হত্যাকাণ্ড সংঘটিত হোৱা নাই,’’ বুলি কয়।
উল্লেখযোগ্য যে অধিবক্তা জ্বাদৰে যোৱা বছৰৰ জুলাইত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত অসম আৰক্ষীৰ বিৰুদ্ধে ভূৱা এনকাউন্টাৰৰ অভিযোগ আনিছিল।
যোৱা নৱেম্বৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম মানৱ অধিকাৰ আয়োগলৈ উক্ত গোচৰ হস্তান্তৰ কৰাত অসম মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ বিৰুদ্ধে উঠা ভুৱা এনকাউন্টাৰৰ অভিযোগৰ ওপৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে।
অৱশ্যে একেটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকাৰ বাবে অসম মানৱ অধিকাৰ আয়োগে চলিত বৰ্ষৰ আৰম্ভণিতে গোচৰটো নিষ্পত্তি কৰিছিল।
লগতে পঢ়ক – মহুৰামুখত বানাক্ৰান্তক পৰ্যাপ্ত বান সাহাৰ্য্য দিবলৈ নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ