ছয়গাওঁঃ অসম দৰ্শন আঁচনিৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ অধীনস্থ ছয়গাঁও উন্নয়ন খণ্ড, বনগাঁও উন্নয়ন খণ্ড আৰু গৰৈমাৰী উন্নয়ন খণ্ডৰ ৪৬ টা নামঘৰলৈ আজি ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নামঘৰৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ মুকলি কৰে।
ছয়গাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া সৰোজ সোণোৱালে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিধায়ক ৰেকিবুদ্দিনে আহমেদে ভাষণত কয় যে নামঘৰৰ নিৰ্মাণ কমিটিসমূহে যাতে কাম সমূহ সুচাৰু ৰূপে কৰে তাৰ বাবে আহ্বান জনায়।
লগতে পঢ়কঃমৰিগাঁও কাৰাগাৰ ফিল্ডত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী দাহন
এই অনুষ্ঠানবোৰ সম্পূৰ্ণ ৰাজনীতিৰ ঊৰ্ধত বুলি উল্লেখ কৰি ৫২ টা নামঘৰলৈ ১ কোটি ৩০ লাখ অনুমোদন জনোৱা বুলি কয় বিধায়ক গৰাকীয়ে ।
মুঠ ৫২ নামঘৰৰ ৪৬ টা নামঘৰলৈ আজি অনুমোদন পত্ৰ বিতৰণ কৰাৰ লগতে বাকী কেইটা নামঘৰৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰি অনুমোদন আগবঢ়াব বুলি বিধায়ক গৰাকীয়ে ভাষণত উল্লেখ কৰে ।