নিউজ ডেস্কঃ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ পৰা অসমলৈ আগবঢ়োৱা হৈছে ৫২০.৪৭ কোটি টকা। সোমবাৰে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত অসমৰ কাৰণে এই পুঁজি অনুমোদন জনোৱা হয়।

অসমৰ উপৰি মেঘালয়ক ৪৭.৩৩ কোটি, নাগালেণ্ডক ৬৮.০২ কোটি, হিমাচল প্ৰদেশক ২৩৯.৩১ কোটি আৰু কৰ্ণাটকৰ কাৰণে ৯৪১.০৪ কোটি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অনুমোদন জনোৱা হয়।

অসমকে ধৰি বিগত বৰ্ষত বানপানী, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ দ্বাৰা এই পাঁচখন ৰাজ্য বেয়াকৈ প্রভাৱিত হৈছিল। যাৰ ফলত ৰাজ্য কেইখনৰ প্রাকৃতিক দুৰ্যোগৰ বাবে হোৱা ক্ষয়-ক্ষতিৰ জোৰা মাৰিবলৈ এই পুঁজিত অনুমোদন জনোৱা হৈছে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ যোৱা ছেপ্টেম্বৰ মাহত অসমৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ তাৎক্ষণিকভাৱে ২৫০ কোটি ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ পৰা মোকলাই দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply