গুৱাহাটী – অসম বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ পৰা অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ব্যাপক অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ কলাধনৰ ব্যৱহাৰ ৰােধ, সুৰাৰ অবৈধ সৰবৰাহ আৰু অন্যান্য মূল্যৱান সা-সম্পদৰ সন্দেহজনক সৰবাৰহৰ ক্ষেত্ৰত ভাৰতীয় নির্বাচন আয়ােগে দিয়া নীতি নির্দেশনাৰ ভিত্তিত চোকা নজৰ ৰখা হৈছে। ইয়াৰ ফলস্বৰূপে যোৱা ৭ আৰু ৮ মাৰ্চৰ ২ টা দিনত ৰাজ্যখনত ৫৩ লাখ টকাৰাে অধিক নগদ ধন জব্দ হােৱাৰ লগতে ৩.৯৩ কোটি টকাৰাে অধিক মূল্যৰ সুৰা জব্দ কৰা হৈছে।

যোৱা ৭ মাৰ্চত ৰাজ্যৰ বিভিন্ন প্রান্তত ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আৰক্ষীয়ে ১৭,১০৬ লিটাৰ সুৰা জব্দ কৰিছে। আনহাতে আবকাৰী বিভাগৰ অভিযানত যোৱা ৭ মার্চত জব্দ হােৱা সুৰাৰ পৰিমান হৈছে ২৮,৫৪১ লিটাৰ। এই জব্দকৃত সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য ৪ লাখ টকাৰাে অধিক। একেটা দিনতে ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আৰক্ষীয়ে ৭৯৯ গ্রাম হেৰই’ন, ৯২.৬ কেজি ভাং আৰু ৮৫ গ্রাম ব্রাউন চুগাৰ জব্দ কৰিছে। এই হেৰই’ন, ভাং আৰু ব্রাউন চুগাৰখিনিৰ আনুমানিক বজাৰ মূল্য ৬৫ লাখ টকাৰাে অধিক।

আনহাতে যোৱা ৮ মার্চত ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আৰক্ষীয়ে ১৯ লাখ টকাৰাে অধিক নগদ ধন জব্দ কৰাৰ লগতে ২৯,৮২৯ লিটাৰ সুৰা জব্দ কৰে। ইফালে যোৱা ৮ মাৰ্চৰ দিনা আবকাৰী বিভাগৰ নিজা অভিযানত জব্দ হােৱা সুৰাৰ পৰিমান হৈছে ৪১,৬৯০ লিটাৰ। এই জব্দকৃত সুৰাৰ আনুমানিক বজাৰ মূল্য ৩.৫১ কোটিৰাে অধিক। ৮ মার্চতে ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ৯৫.৮২ গ্রাম হেৰই’ন, ১৩৬ কেজি ভাং জব্দ কৰে। জব্দ কৰা হেৰই’ন আৰু ভাং খিনিৰ আনুমানিক বজাৰ মূল্য ২০ লাখ টকাৰাে অধিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,677 other subscribers

Leave a comment

Leave a Reply