নিউজ ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱ এইবাৰ বহু কঠোৰ নীতি নিয়মেৰে চৰকাৰে পালন কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আনন্দ উলাহৰ মাজতে সংঘটিত হয় প্ৰায় ৫৪১ টা পথ দুৰ্ঘটনা | ইয়াৰে ৪৯ টা দুৰ্ঘটনাই হৈছে কামৰূপ জিলাত |
মৃত্যুঞ্জয় ১০৮ সেৱাৰ ফালৰ পৰা লাভ কৰা তথ্য অনুসৰি ষষ্ঠীত ৮০টা, সপ্তমীত ৯৪টা,অষ্টমীত ১২০ টা, নবমীত ১৩৭টা, দশমীত ১১০টা দুৰ্ঘটনাত পুজাৰ দিনকেইটাত তেওলোকে সেৱা আগবঢ়াই |
লগতে পঢ়কঃৰাজ্যৰ নিগম নিকায় সমূহৰ অধ্যক্ষৰ তালিকা চূড়ান্ত
গুৱাহাটী মহানগৰীত এইবাৰ দুৰ্ঘটনাৰ পৰিমান আগৰ তুলনাত যথেষ্ট কম | পুজাৰ সময়চোৱাত ৮টা পথ দুৰ্ঘটনা সংঘটিত হয় মহানগৰীত | মৃত্যুঞ্জয় ১০৮ সেৱা আগবঢ়োৱা হিচাব মতে এই সময়চোৱাত বাক্সাত ১৩,বৰপেটাত ২৯ টা, বঙাইগাও ২০, কাছাৰ ২৪, চিৰাং ৮, দৰং ২৮, ধেমাজী ২১, ধুবুৰী ১১টা ডিব্ৰুগড় ১২, ডিমাহাচাও ২, গোৱালপাৰা ২৪টা গোলাঘাট ৪৮ টা, হাইলাকান্দি ৬টা, যোৰহাট ১৪টা, কাৰ্বি আংলং ২৭টা, কৰিমগঞ্জ ১৮টা, কোকৰাঝাৰ ৫টা, লখিমপুৰ ১৪টা, মাজুলী ৬টা, মৰিগাও ১০টা, নগাও ২১, নলবাৰী ২৯টা, শিৱসাগৰ ১০টা, শোণিতপুৰ ৩২টা তিনিচুকীয়া ৩২টা, ওডালগুৰিত ২০ টা দুৰ্ঘটনা সংঘটিত হয় |