গুৱাহাটী : অসমত আকৌ ৪৮২৬জন কোৰোনা ভাইৰাছত আক্ৰান্ত। ইয়াৰে ১৩৮৩জন কামৰূপ মেট্ৰ’ৰ, ৩৮০জন ডিব্ৰুগড়, ৩৭০জন কামৰূপ গ্ৰাম্য, ২০৯জন বৰপটাৰ। ইফালে, সুস্থ হৈছে ২৯১৬জন লোক। পজিটিভিটিৰ হাৰ ৯.২৭।
বৰ্তমান ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯,৯১৫জন ৰোগী। আনহাতে, বুধবাৰে ৰাজ্যত মৃত্যু হৈছে ৫৫জন লোকৰ। ইয়াৰে ১৮জন কামৰূপ মেট্ৰ’ৰ, ৬জন বৰপেটাৰ, ৩জন গোৱালপাৰাৰ, ৩জন নগাঁও আৰু শোণিতপুৰৰ, ২জনকৈ আক্ৰান্ত জিলাৰ তালিকাত আছে বঙাইগাঁও, কাছাৰ, ধেমাজী, কামৰূপ (গ্ৰাম্য), কোকৰাঝাৰ, শিৱসাগৰ।
এজনকৈ আক্ৰান্ত জিলা কেইখন হ’ল চৰাইদেউ, যোৰহাট, তিনিচুকীয়া, হোজাই, নলবাৰী, ডিব্ৰুগড়, লখিমপুৰ, দৰং আৰু কৰিমগঞ্জ। এতিয়ালৈকে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৮৫জনলৈ বৃদ্ধি পাইছে।