নিউজ ডেস্ক : অসমৰ অধিক মানুহক বেংকিঙৰ পৰিসৰৰ ভিতৰতলৈ অনাৰ উদ্দেশ্যে অহা বছৰৰ ভিতৰত ৰাজ্যত ৫৭ টা বেংকৰ নতুন শাখা মুকলি কৰা হ’ব, কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী ভাগৱত কৃষ্ণৰাও কাৰাডে এই কথা সদৰী কৰে।
বুধবাৰে গুৱাহাটীত এটা ‘credit outreach programme’ মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উত্তৰ-পূবাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰখা বুলি তেওঁ কয়।
তেওঁ কয়, ‘২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত অসমত বিভিন্ন বেংকৰ ৫৭ টা নতুন শাখা মুকলি কৰা হ’ব। অসমত জনসংখ্যাৰ তুলনাত কম সংখ্যাক বেংকৰ শাখা থকাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।’
মন্ত্ৰী গৰাকীয়ে অসমে মুদ্ৰা ঋণ, কৃষাণ ক্ৰেডিট কাৰ্ড ইত্যাদি বিভিন্ন আৰ্থিক আঁচনি সুচাৰুৰূপে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেখুওৱা কৃতকাৰ্য্যৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে।
লগতে পঢ়ক : হাতীৰ দাঁতসহ ভাৰত-ভূটান সীমান্তত দুজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ