চোৰাং চিকাৰীলৈ উপহাৰ

কোকৰাঝাৰ: বড়োলেন্ডত এইবাৰ আত্মসমপৰ্ণ কৰিলে চোৰাং চিকাৰীৰ দলে।
৫৭টা চোৰাং চিকাৰীয়ে গোসাঁইগাঁৱৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত আত্মসমৰ্পণ কৰে। আত্মসমপৰ্ণকাৰী দলটোৱে প্ৰায় ৪০টা বন্দুক, গুলী-বাৰুদ, হৰিণাৰ শিং আৰু হাতীৰ দাঁত অৰ্পণ কৰে।
বিটিচি প্রধান প্ৰমোদ বড়োৰ উপস্থিতিত আত্মসমৰ্পণ কৰে এই চোৰাং চিকাৰী দলটোৱে।
আৰজিইএছৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত চোৰাং চিকাৰী কেইটাই আত্মসমৰ্পণ কৰে।

চোৰাং চিকাৰীলৈ বিটিআৰ চৰকাৰৰ উপহাৰ। বিটিআৰ চৰকাৰৰ ওচৰত চোৰাং চিকাৰীৰ এটা দলে আত্মসমৰ্পণ কৰে৷

হস্তনিৰ্মিত বন্দুকসহ চিকাৰ কৰি অনা হাতীৰ দাঁত আৰু হৰিণাৰ শিং লৈ আত্মসমৰ্পণ কৰে মুঠ ৫৭টা চোৰাং চিকাৰীয়ে।
অস্ত্ৰসহ আত্মসমৰ্পণ কৰা সকলো চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ আৰ্থিক সহায় আগবঢ়ালে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।

লগতে পঢ়ক-লেখক, কৃষি বিজ্ঞানী অনুজ বৰুৱাৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply