গুৱাহাটী : অসমত পুনৰ ৫,৭০৪ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত। ইয়াৰে ৫৬৯ জন কামৰূপ মহানগৰ, ৫২৮ জন ডিব্ৰুগড়ৰ, ৪৪৮ জন কাছাৰৰ আৰু ৩৯৩ জন নগাঁও জিলাত আক্রান্ত। আনহাতে মৃত্যুৰ মুখত পৰে ৮৩ জনকৈ ক’ভিড ৰোগী।
দেশত মাৰাত্মক ক’ভিডৰ সংক্ৰমণ কিছু নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে যদিও অসমত নিয়ন্ত্ৰণ হোৱা নাই ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত প্ৰতিদিনে নতুন নতুন লোক শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। বৃহস্পতিবাৰে ৰাজ্যত পুনৰ ৫,৭০৪ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হয়।
আক্রান্ত সকলৰ ভিতৰত সৰ্বাধিক লোক কামৰূপ মহানগৰ জিলাৰ। বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত ৫৬৯ জন, ডিব্ৰুগড়ত ৫২৮ জন, কাছাৰত ৪৪৮ জন, আৰু নগাঁও জিলাত ৩৯৩ জন আক্রান্ত হয়। এতিয়ালৈকে ৰাজ্যত ক’ভিড ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩,৯২,৫৭৪ জনলৈ পাইছে বৃদ্ধি।
লগতে পঢ়ক : অবৈধ বাংলাদেশীয়ে ভাৰতত আহি চলাইছিল বীভৎস কান্ড
ইফালে, বৃহস্পতিবাৰৰ দিনটোত অসমত আৰোগ্য হয় ৪,৭৮৪জন লোক। আনহাতে, দিনটোত ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈ ৮৩ জন ৰোগীৰ মৃত্যু ঘটে। উল্লেখ্য যে, অসমত এতিয়াও চিকিৎসাধীন হৈ আছে ৫৩,৭২১ জন ক’ভিড ৰোগী।