সোণাৰিঃ আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস। অসমীয়া গীতি-কাব্য সাহিত্যৰ অতি চিনাকি নাম পাৰ্বতি প্ৰসাদ বৰুৱা। সোণাৰিৰ সোণালীপামত দীৰ্ঘ সময় অতিবাহিত কৰা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা ত্ৰিপ্ৰসাদৰ অন্যতম এজন।
সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল চিৰসেউজ বহু গীত আৰু কবিতা। চতুৰ্থ খন অসমীয়া বোলছবি ‘ৰূপহী’ৰো স্ৰষ্টা আছিল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা।
আৰু পঢ়কঃপুঠিমাৰী নৈৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথ
এইগৰাকী স্বনামধন্য ব্যক্তি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৫৭ সংখ্যক স্মৃতি দিৱস আজি সোণাৰিত পালন কৰা হয়। সোণাৰি সমলয় গোষ্ঠীৰ উদ্যোগত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা উদ্যানত থকা আৱক্ষ মূৰ্ত্তিস্থলীত স্মৃতি দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বিপৰীতে চৰাই চৰাইদেউ জিলা সাহিত্য সভাই গীতিকবিৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰি স্মৃতি দিৱস পালন কৰে।
সোণাৰি সমলয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, গীতিকবিৰ নাতি সমুদ্ৰপ্ৰসাদ বৰুৱা, চৰাইদেউ জিলাৰ উপায়ুক্ত ৰ লগতে সাহিত্য তথা সাংস্কৃতিক কৰ্মী সকল উপস্থিত থাকে।