অসমত দ্ৰুত গতিত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্য বিদ্ধি পাবলৈ ধৰিছে।
সোমবাৰে অসমত ৫৮৩টা নতুন ক’ভিড-১৯ পজিটিভ কেচ ধৰা পৰে। ফলত এই পৰ্যন্ত ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ২,২০,৮৯৩ গৰাকীলৈ বৃদ্ধি পায়।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ এখন বুলেটিনত এই কথা প্ৰকাশ পায়।
উল্লেখযোগ্য যে ১ এপ্ৰিলত ৰাজ্যখনত ৫৮ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছিল। সেই হিচাপত বৰ্তমান ই ৯ গুণলৈ বৃদ্ধি পাইছে।
বুলেটিনখনৰ মতে ৰাজ্যত এইপৰ্যন্ত ১,১১৮ গৰাকী ব্যক্তিৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে, অৱশ্যে কালিৰ দিনটোত কোনো লোকৰ ক’ভিডত মৃত্যু হোৱা নাই।
সোবমাৰে পজিটিভ ধৰা পৰা ৫৮৩ গৰাকী ব্যক্তিৰ ১৯৩ গৰাকী কামৰূপ মহাগৰৰ, ৪৮ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৪৩ গৰাকী ডিব্ৰুগড়ৰ আৰু ২৯ নগাঁৱৰ।
বৰ্তমান ৰাজ্যত ২৩৮৭ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ আছে। আনহাতে সুস্থ হৈ হোৱা ৰোগীৰ হাৰ হৈছে ৯৭.৮০ শতাংশ।
সোমবাৰ দিনটোত ৰাজ্যত ১,০২,১৮২ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়, মূঠ ৭৬,২৪,১৭৩ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছে।
এই পৰ্যন্ত ৰাজ্যত প্ৰথম পালি ক’ভিড ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছে ১২,৬২,৮১১ গৰাকী আৰু দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছে ২,৬৭,১৮০ গৰাকী।