দক্ষিণ ইটালীৰ কেলাব্ৰিয়া উপকূলত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনা।

কেলাব্ৰিয়া অঞ্চলৰ উপকূলীয় চহৰ ক্ৰটনৰ ওচৰত অৱতৰণ কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় নাওখন।

দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা একাংশ যাত্ৰীয়ে উল্লেখ কৰে যে, নাওখনত প্ৰায় ২০০ গৰাকী লোক আছিল।

তথ্য অনুসৰি, এই ঘটনাত ১২ শিশুসহ প্ৰায় ৫৯ গৰাকী প্ৰব্ৰজনকাৰীয়ে প্ৰাণ হেৰুৱাইছে ।

আনহাতে, এই ভয়ংকৰ দুৰ্ঘটনাত আৰু বহুকেইগৰাকী যাত্ৰী সন্ধানহীন হোৱাৰ সন্দেহ কৰা হৈছে।

উপকূলৰক্ষী বাহিনীয়ে কোৱা মতে, ঘটনাৰ পাছতে উদ্ধাৰ অভিযান চলোৱাত ৮০ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা কিছু লোক দুৰ্ঘটনাৰ পাছতে সাতুঁৰি নিজেই পাৰত উপনীত হবলৈ সক্ষম হয় ।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত নাওখনত ২০০তকৈ অধিক লোক আছিল বুলি সন্দেহ কৰা হৈছে। সেই অনুসৰি ৬০ গৰাকীতকৈ অধিক লোক সন্ধানহীন হোৱাৰ আশংকা প্ৰকাশ কৰে উদ্ধাৰকাৰীসকলে।

আনহাতে, কেইবাদিনো পূৰ্বে তুৰস্কৰ পৰা যাত্ৰা কৰা এই নাওখনত আফগানিস্তান, পাকিস্তান, ছোমালিয়া আৰু ইৰাণৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

প্ৰতিকূল বতৰৰ বাবে সাগৰৰ তলৰ শিলত খুন্দা খোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply