ক’ভিডৰ দ্বিতীয়টো ধৌত ভাৰতত ৫৯৪ গৰাকী চিকিৎসকৰ মৃত্যু ঘটিছে। ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে বুধবাৰে এই তথ্য সদৰী কৰিছে।

দেশৰ ভিতৰত দিল্লীত ক’ভিডৰ দ্বিতীয়টো ঢৌত সৰ্বাধিক সংখ্যক চিকিৎসকৰ মৃত্যু ঘটিছে বুলি ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে জানিবলৈ দিয়ে। দিল্লীত মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ১০৭গৰাকী।

দিল্লীৰ পিছতে বিহাৰত দ্বিতীয় সৰ্বাধিক চিকিৎসকৰ মৃত্যু ঘটিছে। বিহাৰত ক’ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিবলৈ গৈ মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ৯৬ গৰাকী।

থিক সেইদৰে উত্তৰ প্ৰদেশত মৃত্যু ঘটিছে ৬৭ গৰাকী চিকিৎসকৰ। ৰাজস্থানত মৃত্যু ঘটিছে ৪৩ গাৰকী চিকিৎসকৰ, ঝাৰখণ্ডত ৩৯ গৰাকী আৰু অন্ধ্ৰপ্ৰদেশত ৩২ গৰাকী চিকিৎসকৰ মৃত্যু ঘটিছে।

অসমত এই সময়ছোৱাত মৃত্যু হৈছে ৮ গৰাকী চিকিৎসকৰ।

ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ সভাপতি ডাঃ ৰাজন শৰ্মাই প্ৰকাশ কৰা মতে মৃত্যু ঘটা চিকিৎসক সকলৰ ভিতৰৰে প্ৰায় আধা সংখ্যকৰ ক্ষেত্ৰত চৰকাৰে বিধি অনুসৰি ক্ষতিপূৰণ আদায়ৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক : ধৰ্ষণৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত মূল অপৰাধীক আৰক্ষীৰ গুলীচালনা

ইয়াৰ পূৰ্বে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে প্ৰকাশ কৰা মতে ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পৰা ভাৰতত ১২০০ গৰাকীতকৈ অধিক চিকিৎসকৰ মৃত্যু ঘটিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply