নিউজ ডেস্কঃ ৰাজ্যত দ্ৰুত ইণ্টাৰনেট সেৱা উপলব্ধ কৰাৰ প্ৰয়াসেৰে বাংলাদেশৰ লগত এক বুজাবুজিৰ চুক্তি সম্পন্ন কৰিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত মন্তব্য কৰিলে মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীয়ে কয়, ‘বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছত বাংলাদেশৰ চকবজাৰৰ পৰা গোটেই সংযোগটো  মেঘালয়হৈ অসমলৈ আনিব পৰা যাব। ভূটান আৰু নেপালৰ লগতো আমাৰ আলোচনা হৈছে। তেওঁলোকেও আমাৰ পৰা সংগ্ৰহ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এমাহ আগতে ৫জি ইন্টাৰনেট সেৱা উদ্ধোধন কৰিলে । অসমত ৫জি সেৱা উপলব্ধ হোৱাৰ লগে লগে গোটেই ডিজিটেল জগতখনত আমি বহুদূৰ আগুৱাই যাব পাৰিম। ‘

এই সন্দৰ্ভত ইতিমধ্যে যোগাযোগ অব্যাহত থকা বুলিও কয় মন্ত্ৰী কেশৱ মহন্তই। দ্ৰুত ইণ্টাৰনেট সেৱাই ডিজিটেল পৰিৱৰ্তন আৰু সংযোগক নতুন উচ্চতালৈ লৈ যাব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply