গুৱাহাটীঃ আজি পুৱাই একেলেথাৰিয়ে তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।
প্ৰথমটো পুৱা ৭.৫১ মিনিটত ৩০ছেকেণ্ড অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।
দ্বিতীয়টো ৭.৫৮ বজাত আৰু তৃতীয়টো জোকাৰণি অনুভূত হয় ৮.০৩ বজাত।
আজি অনুভূত হোৱা এই ভূমিকম্পৰ উৎপত্তিস্থল শোণিতপুৰ বুলি জানিব পৰা গৈছে।
ভূমিকম্পৰ ফলত ঢেকিয়াজুলিৰ নাৰায়ণপুৰ অঞ্চলৰ এখন পথাৰত মাটি ফাট মেলি পানী নিৰ্গত হৈ আছে । যি হৈছে অসমত হোৱা এই বিশাল ভূমিকম্পৰ উৎপত্তিস্থল।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত টুইটাৰত টুইট কৰিছে।
ভূমিকম্পত ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে।
গুৱাহাটীৰো বহু অট্টালিকাত ফাঁট মেলিছে।
এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৭ ৰিখটাৰ স্কেল।
ভূমিকম্পত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাৰ দেৱালত ফাট মেলাৰ লগতে কিছু অংশ খহি পৰে।