গুৱাহাটী : মহানগৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীৰ জালত পৰিল ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ী। বিলাসী বাইক আৰু কেইবাটাও চুৰিৰ মোবাইল ফোন জব্দ ড্ৰাগছ ব্যৱসায়ী কেইজনৰ কবলৰ পৰা।
মহানগৰী আৰক্ষীৰ বিশেষ অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বিশেষ সাফল্য লাভ কৰিছে। অভিযানকাৰী দলটোৱে ৬ জন ড্ৰাগছ ব্যৱসায়ীক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে।
ড্ৰাগছ ব্যৱসায়ী কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগত এখন বিলাসী বাইক, কেইবাটাও চুৰি মোবাইল ফোন আৰু নগদ ধন জব্দ কৰিছে। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে কেইজন হৈছে ভৃগু সিং বৰদলৈ, হিৰকজ্যোতি নাথ, মহম্মদ হানিফ আলী, চিৰাজুল ইছলাম, সুৰজ জামান শেখ, মোবাৰক আলী আৰু অলোক গগৈ।
লগতে পঢ়ক : ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰত্নতাত্ত্বিক স্থানত বিশ্ব ঐতিহ্য সপ্তাহ
আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন, ১৫ টা চুৰিৰ মোবাইল ফোন, এখন বিলাসী বাইক আৰু নগদ ৩৮,০০২০ টকা জব্দ কৰিছে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ কবলৰ পৰা। বৃহস্পতিবাৰে নিশা অভিযান চলাই এই সাফল্য লাভ কৰিছে আৰক্ষীয়ে।