ৰাণী : মহানগৰী গুৱাহাটীৰ পার্শ্বৱর্তী অঞ্চল ৰাণীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰিছে ৬ টাকৈ পশুধন। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰে মানুহৰ লগতে বহু পশুধনৰ।

বৃহস্পতিবাৰে পুৱাৰ ভাগত মহানগৰী গুৱাহাটীৰ পার্শ্বৱর্তী অঞ্চল ৰাণীত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত ৬ টাকৈ পশুধন মৃত্যুৰ মুখত পৰাত সমগ্ৰ অঞ্চলটোত এক শোকাৱহ পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে পুৱা প্ৰায় ৯ মান বজাত খেতিপথাৰত ১১ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰত লাগি ৬ টাকৈ পশুধনৰ মৃত্যু ঘটে।

ঘটনাটোত কথমপি বহু পশুধনৰ লগতে পথাৰত কাম কৰি থকা বহু লোকৰ প্ৰাণ ৰক্ষা পৰে। বৈদ্যতিক তাঁৰ লাগি পশুধনৰ মৃত্যু হোৱাৰ পিছতে অঞ্চলটোত এক উত্তপ্ত প্ৰতিষ্ঠিত সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতো ঘটনাস্থলীত বহু সময় ধৰি বিদ্যুৎ বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰে।

ৰাণীৰ হকখাবডী, গুইমাৰী, কাঁহাৰপাৰা, নামপাৰাৰ খেতিপথাৰত এই শোকাৱহ ঘটনা সংঘটিত হয়। ৰাইজে অভিযোগ কৰে যে আজাৰা বৈদ্যুতিক সংমণ্ডলৰ অধীনৰ এই অঞ্চলটোত জৰাজীৰ্ণ অৱস্থাত বহু বিদ্যুতৰ খুঁটা আৰু তাঁৰ থকাৰ বাবে সঘনাই এনে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply