মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নতুনকৈ ৬ জনৰ শৰীৰত ধৰা পৰিল কভিড। জিলাখনত ১৭ জনলৈ বৃদ্ধি পালে কভিড আক্ৰান্তৰ সংখ্যা। চুবৰীয়া ৰাজ্য মেঘালয়ত কাম কৰি ঘৰলৈ উভতি অহা লোকৰ পৰা গণসংক্ৰমনৰ আংশকা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বৃহস্পতিবাৰে নতুনকৈ ৬ জন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত জিলাখনত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পায়। জিলাখনত ইতিমধ্যে জিলা প্ৰশাসনে সকলো লোকক ঘৰৰ পৰা ওলাই আহিলে মাক্স পিন্ধি ওলাই অহাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতে জিলাখনৰ অধিকাংশ লোক এতিয়া মাক্স পৰিধান কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
অৱশ্য কিছু কিছু ভিতৰুৱা অঞ্চলত এতিয়াও ৰাইজে মাক্স ব্যৱহাৰ কৰা নাই যদিও জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে কঠোৰ হৈ ঠায়ে ঠায়ে মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহাৰ ব্যৱস্থা হাতত লৈছে। ইফালে জিলাখনত বৰ্তমানলৈকে ১৭ জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ ফলত সচেতন মহল চিন্তিত হৈ পৰিছে।
জিলাখনৰ সহস্ৰাধিক লোক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন হাট-বজাৰত দৈনিক ব্যৱসায় কৰিবলৈ অহা-যোৱা কৰাৰ লগতে একাংশ লোক ৰাজ্যখনত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। এই সকল ক্ষুদ্ৰ ব্যৱসায়ী তথা শ্ৰমিক ৰাজ্যখনৰ পৰা ঘৰলৈ অহাৰ পিছত তেওঁৰ লগতে তেওঁৰ পৰিয়াল আক্ৰান্ত হোৱাৰ উপৰিও জিলাখনত গণসংক্ৰমণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
জিলা প্ৰশাসনে মেঘালয়ৰ পৰা মানকাচৰলৈ প্ৰৱেশ কৰিব পৰা চাৰিটাকৈ মূল প্ৰৱেশ দুৱাৰত মেঘালয়ৰ পৰা আহিবলগীয়া লোকৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সম্ভবনা আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মেঘালয় চৰকাৰে দেশৰ ভয়াবহ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ত বাহিৰৰ পৰা অহা পৰ্যটকৰ প্ৰৱেশ নিষেধ কৰিছে।