গোসাইগাঁও: গোসাঁইগাঁৱত হাতীৰ দাঁতসহ ৬ জনকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে বন বিভাগে।গোসাঁইগাঁৱৰ কচুগাৱঁত বন বিভাগ আৰু এছ এছ বি যৌথ অভিযান চলাই লোক কেইজনক গ্ৰেপ্তাৰ কৰে।
পুৱতি নিশা কচুগাওঁ বন সংমণ্ডলৰ নিকটৱৰ্তী অঞ্চলত অভিযান চলাই ছয়জনকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।কচুগাওঁ বনাঞ্চল বন গাঁও লাকৰিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰী কেইজনক ।

গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইটা হ’ল ক্ৰমে সাপকাটাৰ সুকল চৰেন, আমলাইগুৰিৰ চন্দন ৰাভা, আলীনগৰৰ পাৰস ৰাভা, লাকৰিগুৰিৰ চিমেন হাজোবাৰী, বলমঝোৰাৰ ছিলেং ৰাভা আৰু বালাগাঁৱৰ ছিদূ কিচকু ।
চোৰাংচিকাৰী কেইটাৰ পৰা দুটা হাতী দাঁত উদ্বাৰ কৰে ।হাতীৰ দাঁত লুকাই ৰখাৰ খবৰ পাই কচুগাওঁ বন সংমণ্ডলৰ চেণ্টাল ৰেঞ্জৰ বন কৰ্মী আৰু এছ এছ বি অভিযান চলায়।
লগতে পঢ়ক- শিক্ষকৰ ৰূপত অসমত অল-কায়দাৰ লিংকমেন