YouTube video

বাক্সা : বাক্সাৰ এটি ৬ বছৰীয়া শিশু৷ যিসময়ত শিশুটিয়ে সমনিয়াৰ সৈতে ৰং-ধেমালী কৰি থাকিব লাগিছিল সেই সময়তে শিশুটিয়ে পিতৃ-মাতৃৰ কোলাত বহি নিজৰ শৰীৰৰ ৰোগৰ কথা চিন্তা কৰিব লগা হৈছে৷ পখিলা খেদা বয়সতে শিশুটিৰ দেহত দেখা দিয়া অচিন ৰোগটোৱে ওচৰ-চুবুৰীয়া সকলোকো চিন্তিত কৰি তুলিছে৷ সকলেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা শিশুটি যাতে সোনকালে সুস্থ হৈ উঠে৷

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ শ্ৰীপুৰ দেওৰ গাঁৱৰ ৬ বছৰীয়া বিটোপন ৰয় নামৰ শিশুটিৰ জন্মৰে পৰা দুয়োটা ওঠ লগলগা৷ জোখত কৈ ওঠ দুটা বহু ডাঙৰ হোৱা কাৰনে স্পষ্ট ভাৱে কথা কব নোৱাৰে শিশুটিয়ে৷ দিনহাজিৰা কৰা পিতৃ হিতেশ ৰয়ে একমাত্ৰ সন্তানটিৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ কেইবাবাৰো লৈ গৈছিল যদিও কোনো সুফল নাপালে পিতৃ-মাতৃয়ে৷

বিটোপন ৰায়ৰ পিতৃ-মাতৃ এতিয়া দিনে-নিশাই কেবল মাত্ৰ একমাত্ৰ সন্তানটোক কেনেকৈ সুস্থ্য কৰি তুলিব পাৰি তাকে লৈয়ে চিন্তা৷ চিকিৎসকৰ মতে শিশুটিক গুৱাহাটীৰ বাহিৰলৈ নিব লাগিব৷ শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন হ’ব বৃহৎ পৰিমাণৰ ধনৰ৷ ইফালে কণমানি ৰুগীয়া শিশুটিও চিকিৎসকৰ ওচৰলৈ নি সোনকালে সুস্থ কৰি তুলিবলৈ পিতৃ-মাতৃক দি আহিছে হেঁচা৷

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া হিতেশ ৰয়ে যোগাৰ কৰিব পৰা নাই চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন৷ যাৰ কাৰনে অসহায় পৰিয়ালটো অনাহাৰে অনিদ্ৰাই ৰুগীয়া পুত্ৰক সন্মুখত লৈ দিন পাৰ কৰিব লগা হৈছে গভীৰ চিন্তাত৷ ইফালে ৬ বছৰীয়া ৰুগীয়া বিটোপন ৰয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনায় “মামা মোক সুস্থ কৰি তোলক।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply