গুৱাহাটী : মহানগৰীত উদণ্ড যুৱকৰ উদ্ভণ্ডালি। কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ উদণ্ড যুৱকৰ দলৰ। যানবাহন শাখাৰ আৰক্ষীক মাৰধৰ কৰি জেললৈ গ’ল ৬ যুৱক।

শুকুৰবাৰে ট্ৰেফিক কনিষ্টবল উৎপল গোহাইয়ে পানবজাৰ থানাত দিয়া এজাহাৰ মতে নিশা ১.৩০ মান বজাত তেওঁৰ লগতে আন দুজন কনিষ্টবল ৰিতুপন শইকীয়া আৰু অমিত দাসে যশবন্ত পথৰ ভাড়া ঘৰৰ পৰা নিশা জাবৰ পেলাবলৈ ওলাই আহোতে এএছ-০১-বিৱাই-০০১০ নম্বৰৰ গাড়ীখনে তেওঁলোকক খুন্দিয়াই যাবৰ উপক্ৰম হয়৷ গাড়ী ভালকৈ চলাবলৈ কোৱাত ড্ৰাইভাৰে কনিষ্টবল কেইজনক উভতি ধৰাৰ লগতে গেং লৈ আহি পিটিম বুলি ধমকি দি যায়৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পুত্ৰক আটক কৰিছে চিবিআইয়ে

কিছুসময় পিছত ১০-১২ জন যুৱক দুখন চাৰিচকীয়া বাহনত আহি কনিষ্টবল কেইজনক লাঠি, শিল আদিৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে আৰু গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলায়৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২৭৯/১৪৩/৩২৫/৩০৭/৫০৬ মতে পানবজাৰ থানাত এই সংক্ৰান্তত ৫৯৯/২১ নং এক গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰত ভিত্তিত আৰক্ষীয়ে অনুভৱ পাণ্ডে, প্ৰমোদ দাস, নীৰজ দত্ত, হিমাংশু চৌধুৰী, অংকুৰ জ্যোতি ৰয় আৰু গীত শংকৰ মজুমদাৰ নামৰ যুৱক ৬ জনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply