নিউজ ডেস্ক : বড়ো বিদ্ৰোহী গোট নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)-ৰ ৬০ গৰাকী সদস্যই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ মঙলবাৰে ওদালগুৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।
বৰ্তমান ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চোনাই খৌৰাং কেম্পত ৰখা হৈছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।
‘আত্মসমৰ্পনৰ সময়ত কেডাৰসকলে ৮টা এ কে ৫৬ ৰাইফল, মেগাজিনসহ দুটা এছ এল আৰ, চাৰিটা ঘৰোৱাভাৱে তৈয়াৰী পাইপ বন্দুক, পাঁচটা HE-36 হেণ্ড গ্ৰেণেড, এটা F228 পিষ্টল, এটা 7.61mm পিষ্টল আৰু এটা 7.65 mm পিষ্টল জমা দিয়ে,’ এগৰাকী আৰক্ষী বিষয়াই জনায়।
ইয়াৰ উপৰি উগ্ৰপন্থী কেইজনে আৰক্ষীৰ হাতত ২২৮ জাঁই সক্ৰিয় গুলী জমা দিয়ে বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে যোৱা ২২ জুলাইত সংগঠনটোৰ প্ৰধান নেতা এম বাথায়ে ২২ গৰাকী কেডাৰসহ ওদালগুৰিত অস্ত্ৰ সম্বৰণ কৰাৰ পিছত যোৱা সময়ছোৱাত সংগঠনটোৰ মুঠ ১৫০ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰিছে।
লগতে পঢ়ক : ছয়গাৱঁত যাত্ৰীবাহী ৰেল দুৰ্ঘটনাগ্ৰস্থ