গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ৬০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে দেওবাৰে ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। দেওবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৬.৩২ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত দেওবাৰে ৯৫০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৬০ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগতে ৰাজ্যত দেওবাৰৰ দিনটোত এজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।
দেওবাৰৰ দিনটোত সৰ্বাধিক ১৬ জন লোক আক্রান্ত হৈছে কাছাৰ জিলাত। কাছাৰ জিলাৰ লগতে ১৬ জন লোক কামৰূপ মহানগৰ জিলাত, ১০ জন লোক কামৰূপ জিলাত, ৭ জন লোক ডিব্ৰুগড় জিলাত আৰু ৩ জন লোক আক্রান্ত হৈছে বঙাইগাঁও জিলাত। দেওবাৰৰ দিনটোত ৬০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,৪০৬ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – চৰাইদেউৰ ২নং কঠিয়াখুন্দাত বিজুলী মহোৎসৱ উদযাপন
ইফালে দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৬৮৫ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। দেওবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা একমাত্ৰ ক’ভিড ৰোগীজন তিনিচুকীয়া জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।