ৰূপহীহাট : পুনৰ মানৱ সমাজক লজ্জানত কৰিলে ৰূপহীহাটৰ গড়াজানৰ পঠা সদৃশ ৬০ বছৰীয়া লম্পট বৃদ্ধই। ৬০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হৈ কিশোৰী ৪ মাহৰ অন্ত:সত্বা। প্ৰথমে ধর্ষণ তাৰ পিছত বিয়াৰ প্ৰলোভন দেখুৱাই বাবে বাবে সম্পৰ্ক স্থাপন।
নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ গড়াজানৰ ফুটলজাৰ গাঁৱত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। এগৰাকী নাবালিকা কিশোৰী ৬০ বছৰীয়া লম্পট হবিবুৰ ৰহমানৰ কামনাৰ বলি হৈ ৪ মাহৰ অন্ত:সত্বা। প্ৰায় ৪ মাহ পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগত নাবালিকা কিশোৰী গৰাকীক ভয় ভাবুকিৰে লম্পট হবিবুৰে ৰহমানে ধৰ্ষণ কৰিছিল।
ধর্ষণৰ কথা কাকো নকবলৈ কিশোৰী গৰাকীক ভাবুকি দেখুৱাই পৰৱৰ্তী সময়ত বিয়া কৰাৰ প্ৰতিশ্ৰুতিৰে লম্পট বৃদ্ধাই কিশোৰী গৰাকীৰ লগত কেইবাদিনো শাৰিৰীক সম্পৰ্ক স্থানন কৰিছিল। বৰ্তমান কিশোৰী গৰাকী ৪ মাহৰ গৰ্ভৱতী হোৱা খৱৰ বিয়পি পৰাত লম্পট হবিবুৰ ৰহমান ঘৰ এৰি পলায়ন কৰিছে।
লগতে পঢ়ক : আবাসগৃহ খালী কৰাৰ নিৰ্দেশক লৈ হাহাকাৰ কাগজ কলৰ আবাসীৰ
ভূক্তভুগী কিশোৰী গৰাকীৰ মাতৃয়ে শনিবাৰে গড়াজান আৰক্ষী চকীত লম্পট হবিবুৰ ৰহমানৰ বিৰুদ্ধ এজাহাৰ দাখিল কৰিছে। গড়াজান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি হবিবুৰ ৰহমানৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।