গুৱাহাটী : যোৱা জুন মাহত বিদ্যুৎ চুৰিৰ সন্দৰ্ভত ৰাজ্যত ৬১১খন এজাহাৰ দাখিল কৰিছে।  শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ সৈতে অনুষ্ঠিত এখন যৌথ সংবাদমেলত এ পি ডি চি এলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা সদৰী কৰে।

আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, গৃহ, শক্তি আদি বিভাগৰ প্রধান সচিব নিৰজ বার্মাৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলখনত বিষয়া গৰাকীয়ে সদৰী কৰা মতে এ পি ডি চি এলে ৰাজ্যখনত চলি থকা বিদ্যৎ চুৰি ৰোধ কৰা আৰু অনাদায় বিলৰ ধন সংগ্ৰহৰ উদ্দেশ্যে ব্যাপক অভিযান আৰম্ভ কৰিছে আৰু এতিয়ালৈকে ১,৯০৪ স্থানত তালাচী চলাইছে।

জুন মাহত এ পি ডি চি এলে ৫০২ কোটি টকা মাচুল সংগ্রহ কৰিবলৈ সক্ষম হৈছে আৰু ২২০ কোটি টকা অনাদায় হৈ আছে বুলি সংবাদমেলত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, গৃহ, শক্তি আদি বিভাগৰ প্রধান সচিব নিৰজ বার্মাই জানিবলৈ দিয়ে।

ইয়াৰ জুন মাহত ১৪.৯৯ কোটি টকাৰ জৰিমনা বিহা হৈছে আৰু ইয়াৰে ২.১০ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে বুলি বার্মাই জনায়।

মঙলদৈ, লখিমপুৰ আৰু নগাঁও জিলা কেইখনত আটাইতকৈ বেছি সংখ্যক গ্ৰাহকৰ ওপৰত জৰিমনা বিহা হৈছে।

তেওঁ লগতে জনাই যে এ পি ডি চি এলে ১.১১ কোটি গ্ৰাহকৰ বিদ্যৎ সংযোগ কাটি দিছিল আৰু ইয়াৰে ৪৮,১৭২ গৰাকীৰ ক্ষেত্ৰত দিবলগীয়া বিল পৰিশোধ কৰাৰ পিছত পুনৰ সংযোগ লগাই দিয়া হয়।

ৰাজ্যত বিদ্যুৎ যোগানৰ অৱস্থা উন্নত কৰাৰ লগতে অনাদায় মাচুল সংগ্ৰহ কৰাৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলি বাৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই উল্লেখ কৰে।

তেওঁলোকে জনাই যে আগতে কেৱল ৰাজ্যখনৰ পাঁচখন আৰক্ষী থানাকহে বিদ্যুৎ চুৰিৰ বিৰুদ্ধ গোচৰ ৰুজু কৰাৰ কৰ্তৃত্ব দিয়া আছিল যদিও এতিয়া সকলো থানাকে এই ক্ষমতা দিয়া হৈছে।

শেহতীয়ভাৱে মুকলি কৰা হেল্পনাইন নম্বৰৰ জৰিয়তে এইক্ষেত্ৰত সক্রিয় পদক্ষেপ লোৱা বুলি উল্লেখ কৰি এই ব্যৱস্থা মুকলি কৰাৰ পিছত বিগত চাৰি দিনত ১১২টা গোচৰ ৰুজু হৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে জনায়।

লগতে পঢ়ক : ক’ভিড আক্ৰান্ত লোকে কেনে ডায়েট গ্ৰহণ কৰিব লাগে? জানক বিশেষজ্ঞৰ পৰামৰ্শ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply