গুৱাহাটী – সমাগত অসম বিধানসভাৰ ‘নির্বাচনী আচৰণ বিধি’ বলবৎ হােৱাৰ পৰা বুধবাৰ পৰ্যন্ত অসম আৰক্ষী, ফ্লায়িং স্কোৱাড আৰু আৰকাৰী বিভাগৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্রান্তত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সুৰা জব্দ কৰা হৈছে। নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ পৰা বুধবাৰ পৰ্যন্ত মুঠ ৬৪.৪৩ লাখ নগদ ধন আৰু ৫৩.৫৮ লাখ টকা মূল্যৰ সুৰা জব্দ।
যােৱা ২৬ ফেব্ৰুৱাৰীত আচৰণ বিধি বলবৎ হােৱাৰ পিছদিনা অর্থাৎ ২৭ ফেব্ৰুৱাৰীত ২০,৭০,০০০ টকা, ১ মার্চত ৮,৬০৫ টকা, ২ মার্চত ৫,৬২,০৯০ টকা আৰুবুধবাৰে ৩৮,২,৪০০ টকা মিলি সৰ্বমুঠ ৬৪,৪৩,০৯৫ টকা আৰক্ষী আৰু ফ্লায়িং স্কোয়াডে জব্দ কৰিছে। আনহাতে আৰক্ষী আৰু আবকাৰী বিভাগে পৃথকে পৃথকে চলােৱা অভিযানত যােৱা ২৬ ফেব্ৰুৱাৰীত মুঠ ৭,৬৫৯ লিটাৰ, ২৭ ফেব্ৰুৱাৰীত ১২,৪০২ লিটাৰ, ২৮ ফেব্ৰুৱাৰীত ১০,০৩২ লিটাৰ, ১ মার্চত ২৭,৩৪৬ লিটাৰ, ২ মার্চত ৩৭,৩৭৮ লিটাৰ আৰু বুধবাৰে ২৩,৬৮৮ লিটাৰ মিলি সৰ্বমুঠ ১,১৮,৫০৫ লিটাৰ সুৰা জব্দ কৰে। এই সুৰাখিনিৰ বজাৰ মূল্য ৫৩,৫৮,৪২৬ টকা।
আনহাতে নির্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি বিশ্বনাথ, ডিব্ৰুগড়, যােৰহাট, কলিয়াবৰ আৰু লখিমপুৰ জিলাৰ পৰা উত্থাপিত পাঁচটা অভিযােগৰ ক্ষেত্ৰত নির্বাচন বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। হিতাধিকাৰীৰ মাজত স্কুটাৰ বিতৰণ কৰিব খােজা, ট্রাকত কম্বল পৰিবহন, ৰাজহুৱা স্থানত পােষ্টাৰ লগােৱা, বিবাহ অনুষ্ঠানৰ নামত নিশা উচ্চ প্রাবল্যৰ সংগীত বজোৱা বিষয়ত উত্থাপিত অভিযােগৰ উত্তৰত প্ৰশাসনে পদক্ষেপ গ্রহণ কৰিছে।