গুৱাহাটীঃ ১১ মে’ৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

পৰীক্ষাৰ বাবে ইতিমধ্যে অনলাইনযোগে ঘোষণা কৰা হৈছে ৰুটিন। কভিডৰ আতংকৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ছেবা ।

এইবাৰ কোভিডৰ প্ৰতি লক্ষ্য ৰাখি ৬৪টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে।

কোভিডৰ প্ৰটকল মানি ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈ উঠিছে।

এই সম্পৰ্কত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে কয়, ‘‘১১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। এইবাৰ মুঠ ৪ লাখ ৩৬ হাজাৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব। কোভিডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি অতিৰিক্ত কেন্দ্ৰ বৃদ্ধি কৰিছো। ইয়াৰ উপৰি ৬৪টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে, সৰ্বমুঠ এতিয়ালৈ ৯০টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।’’

১২ এপ্ৰিলত হ’বলগীয়া ব’ৰ্ডৰ সভাত এই সিদ্ধান্ত লোৱা হ’ব বুলিও অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে।

ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহলৈ যাৱতীয় সকলো সা-সামগ্ৰী পঠিওৱাৰ কাম আৰম্ভ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,686 other subscribers

Leave a comment

Leave a Reply