হাজো : পুনৰ ৰাজ্যত সংঘটিত হৈছে কিশোৰী যৌন নিৰ্যাতনৰ ঘটনা। পুনৰ ৬৫ বছৰীয়া বৃদ্ধই।যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক। কিশোৰীক যৌন নিৰ্যাতন চলোৱা নিৰ্যাতনকাৰী সম্প্ৰতি ৰঙা ঘৰৰ আলহী।
কামৰূপ জিলাৰ হাজোৰ কোঁৱৰপুৰ বালাত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা। এজন ৬৫ বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
চাইফত আলী নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী কিশোৰী গৰাকীৰ অভিযোগ অনুসৰি ঘৰত কোনো নথকাত বৃদ্ধজনে কিশোৰী গৰাকীক ধর্ষণ কৰে।
লগতে পঢ়ক : নগাঁও জিলাৰ খালৈগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত চাইফত আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ এজাহৰৰ ভিত্তিত আৰক্ষীয়ে চাইফত আলীক গ্ৰেপ্তাৰ কৰে।