কাৰ্বি আংলং : শান্তিৰ পথত কাৰ্বি আংলংৰ উগ্ৰপন্থী ডি এন এল এ। অস্ত্ৰ ত্যাগ কৰিলে ডি এন এল এ’ৰ ৬৭ জন কেডাৰে। পূৰ্বে সংগঠনটোৰ ৪৬ গৰাকী কেডাৰে অসম আৰক্ষীৰ হাতত গতাই দিছিল অস্ত্ৰ।
পাহাৰীয়া জিলা কাৰ্বি আংলংত শান্তি স্থাপন কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ ছফল্যৰ দিশত। পাহাৰীয়া জিলাখনৰ ডি এন এল এ নামৰ উগ্ৰপন্থী সংগঠনটো জিলাখনত শান্তি স্থাপনৰ বাবে আগুৱাই আহিছে।
লগতে পঢ়ক : মাজুলীৰ কমলাবাৰীত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান মেলা
আজি কাৰ্বি আংলং জিলাৰ উগ্ৰপন্থী সংগঠনটোৰ ৬৭ জন কেডাৰে অস্ত্ৰ ত্যাগ কৰে। ধনশিৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত সংগঠনটোৰ কেডাৰ সকলে আৰক্ষীৰ হাতত অস্ত্ৰ অৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহে।