নিউজ ডেস্ক : সোমবাৰে অনুষ্ঠিত ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানত অসমৰ কেইবা গৰাকী শিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতায়ে বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
‘চুৰেণ চোৰৰ পুতেক’, ‘জোনদা ইমান গুণ্ডা’ আদি ছবি পৰিচালক চন্দ্ৰ মুদৈৰ পূৰ্ণদৈৰ্ঘৰ ছবি “ৰণুৱা- হু নেভাৰ ছাৰেণ্ডাৰছ”-এ লাভ কৰিছে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান।
মহানগৰীৰ কৃত্ৰিম বানপানীক আধাৰ হিচাপে লৈ ২০১৯ চনত ছবিখন নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ পৰিচালক চন্দ্ৰ মুদৈ আৰু প্ৰযোজক সুনীল দত্তই উপ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰে।
আনহাতে আন এখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবি প্ৰকাশ ডেকা পৰিচালিত ‘জোনাকী পৰুৱা’ত কৰা অভিনয়ৰ বাবে অভিনেতা বেঞ্জামিন দৈমাৰীয়ে বিচাৰকৰ বিশেষ সন্মান লাভ কৰিছে।
WATER BURIAL নামৰ ছবিখনে পৰিৱেশমূলক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। বিজ্ঞান ভৱনত অনুষ্ঠিত অনুষ্ঠানত ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণে উপ ৰাষ্ট্ৰপতিৰ পৰা বটাঁ গ্ৰহণ কৰে।
আনহাতে, শব্দযন্ত্ৰ শিল্পী দেৱজিত গায়নে লোকেশ্বন ছাউণ্ডৰ বাবে শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ বঁটা লাভ কৰিছে। গায়নে খাছি চলচ্চিত্ৰ Iewduh-ত কৰা কামৰ বাবে উক্ত বঁটা লাভ কৰে।
লগতে পঢ়ক : ছুপাৰষ্টাৰ ৰজনীকান্তলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা