নিউজ ডেস্ক: আজি ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফলত অসমৰ তিনি গৰাকী প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে। অসমৰ শিল্পা খনিকৰে ৫০৬ নম্বৰ অধিকাৰ কৰাৰ বিপৰীতে দেৱজ্যোতি বৰ্মনে ৬৩৯ স্থান আৰু আয়ুশী কলৱাৰে ৬১৮ নম্বৰ স্থান লাভ কৰে।
উল্লেখযোগ্য যে এইবাৰ সৰ্বভাৰতীয় এই পৰীক্ষাটোত ৬৮৫ গৰাকী প্ৰাৰ্থীয়ে কৃতকাৰ্যতা লাভ কৰিছে।
২০২১ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ আজি ঘোষণা কৰা ফলাফলত শ্ৰুতি শৰ্মাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।
আনহাতে অংকিতা আগৰৱালে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে জামিনী সিংগলাই তৃতীয় স্থান দখল কৰে বুলি আয়োগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এইবাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানতে মহিলাৰ আধিপত্য দেখা যায়। পঞ্চম স্থানত থাকে উৎকৰ্ষ দ্বিৱেদী।
প্ৰতি বছৰে কেন্দ্ৰীয় লোকসেৱা আয়োগে তিনিটা পৰ্য্যায়ত অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰে। উক্ত পৰীক্ষাত স্থান লাভ কৰা প্ৰাৰ্থীসকলক ভাৰতীয় প্ৰশাসনিক বিষয়া (IAS), ভাৰতীয় বৈদেশিক বিষয়া (IFS) আৰু ভাৰতীয় আৰক্ষী বিষয়া (IPS) আদি পদৰ বাবে নিৰ্বাচিত কৰা হয়।
লগতে পঢ়ক – মণিপুৰত সন্দেহজনক আই ই ডি বিস্ফোৰণ; এজন নিহত, ৪জন আহত