গুৱাহাটী: অসমত পুনৰ বৃদ্ধি পাব ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰৰ দিনটোত ৰাজ্যত ৬৮৬ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। অৱশ্যে যোৱা ২৮ ঘণ্টাত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি মঙলবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৯.১৫ শতাংশ।
মঙলবাৰে অসমত ৭,৪৯৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৬৮৬ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। কালিৰ দিনটোত সুস্থ হৈ উঠা ৭৪৮ জন ক’ভিড ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়, আনহাতে ৰাজ্যত বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ৫,৫৪৩।
মঙলবাৰৰ দিনটোত ডিব্ৰুগড় জিলাত সৰ্বাধিক ৫৩ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ধেমাজিত ৪৫ জন, লখিমপুৰত ৪৫ জন, কাচাৰত ৪৩ জন আৰু বাক্সা জিলাত ৩৭ জন লোক ক’ভিডত আক্রান্ত হৈছে।
উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।
লগতে পঢ়ক – জালুকবাৰীৰ পৰা চানডুবি হ’ব সৰ্বাধিক এক ঘণ্টাৰ বাট