মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আজি ৬ দিনীয়া পঞ্চকৰ্ম থেৰাপীৰ চিকিৎসাৰ কৰ্মশালা শুভ উদ্ধোধন কৰা হয়। বাক্সা জিলা স্বাস্থ্য বিভাগে প্ৰেৰণ কৰা ৮ জন চিকিৎসকৰ এটা প্ৰতিনিধি দলে এই ৬ দনীয়া পঞ্চকৰ্ম থেৰাপী চিকিৎসাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

এই উপলক্ষে আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ মুকলি সভাৰ পৌৰহিত্য কৰে মাৰ্ঘেৰিটা অসামৰিক হাস্পতালৰ অধ্যক্ষ ডাঃ কে চি দাসে। পঞ্চকৰ্ম চিকিৎসাৰ জেষ্ঠ্য চিকিৎসক ডাঃ শশীন্দ্ৰ বৰ্মনে আঁ‌ত ধৰা আজিৰ কৰ্মশালাৰ শুভ উদ্ধোধনী অনুষ্ঠানত তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ দুজনকৈ উচ্চপদস্থ বিষয়া ক্ৰমে জয়ন্ত ভট্ৰাৰ্চায্য, নুৰ ইছ্লাম হক, মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ চিকিৎসক ডাঃ অভিষেক গাৰোদীয়া সহ বহুকেইজন স্বাস্থ্য কৰ্মী সহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে চিকিৎসালয় খনত এখন প্ৰাচীৰ পত্ৰিকাৰো উন্মোচন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply