মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সোমবাৰে ৭ জনকৈ বি এছ এফৰ জোৱানসহ মুঠ ১২ জন লোক কভিডত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত বৰাইৰ আলগা বি এছ এফ কেম্পৰ ৬ নং বি এন বি এছ এফৰ মুঠ ৭ জনকৈ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰে।
আৰু পঢ়কঃকামৰূপ মহানগৰ জিলাত হ’ম কোৱাৰেণ্টাইনৰ নতুন নির্দেশনা
বি এছ এফ জোৱান কেইজন সোমবাৰে পুৱাৰ ভাগত জিলা সদৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত কভিড পৰীক্ষা কৰি ভেকচিন লবলৈ আহিছিল। কভিড পৰীক্ষাত ৭ জনৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত জোৱান কেইজনক বি এছ এফ কেম্পতে কোৱাৰাণ্টাইন কৰা হৈছে।
উল্লেখ্য যে মানকাচৰৰ বৰাইৰ আলগা, খাগৰাৰচৰ, নিলখিয়া, নতুন আৰু পুৰণি দেওয়ানেৰ আলগা আদিকে ধৰি কেইবাখনো চৰাঞ্চলৰ পৰা অহা লোকক কালাইৰ আলগা পাৰ ঘাটত কভিড পৰীক্ষা কৰিহে অহা-যোৱা কৰিবলৈ দিয়া হৈছে। নাওঁ ভৰ্তি হৈ চৰাঞ্চলৰ পৰা অহা লোক সকলৰ লগতে বি এছ এফৰ পৰা কভিড সংক্ৰমণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
আৰু পঢ়কঃনাজিৰাৰ গেলেকীত ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত এজন
আনহাতে ৭ জনকৈ বি এছ এফ জোৱানৰ লগতে জিলাৰ বিভিন্ন এলেকাত আন ৫ গৰাকী লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰে। সোমবাৰে জিলাখনত মুঠ ১২ জন লোক কভিডত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পাইছে।