মানকাচৰ : পুনৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ হৈছে চোৰাং গৰু। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত ৭ টা চোৰাং গৰু জব্দ। বি এছ এফে অভিযান চলাই জব্দ কৰে চোৰাং গৰু কেইটা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাত অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত বি এছ এফে অভিযান চলাই ৭ টাকৈ চোৰাং গৰু জব্দ কৰে। বি এছ এফে চোৰাং গৰু কেইটা জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

লগতে পঢ়ক : এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ সমস্ত তথ্য থাকিব বিশেষ ডিভাইচত

উল্লেখযোগ্য যে শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ৬ নং বি এন বি এছ এফে পহৰা দি থকা অৱস্থাত চোৰাং সৰবৰাহকাৰীয়ে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ সীমান্তত উপস্থিত হয়। লগে লগে টহলধাৰী সুৰক্ষা বাহিনীয়ে অভিযান আৰম্ভ কৰাত বি এছ এফক দেখি সৰবৰাহকাৰীয়ে গৰু এৰি সীমান্তৰ পৰা পলায়ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply