দক্ষিণ শালমাৰা : নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। বিগত কিছুদিন ধৰি জিলা দুখনৰ আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সংখ্যক গৰু জব্দ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ নদীত আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে। ব্ৰহ্মপুত্ৰ নদীত প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰি আছে চোৰাং গৰু।

দেওবাৰে পুনৰ আৰক্ষীয়ে দক্ষিণ শালমাৰাৰ-মানকাচৰ জিলাৰ অন্তৰ্গত ৰাভাটাৰী চৰত ৭ টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে। পুৱা প্ৰায় ৮ বজাত দক্ষিণ শালমাৰা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ৰাভাটাৰী চৰত অভিযান চলাই গৰু কেইটা জব্দ কৰে। গৰু কেইটা ব্ৰহ্মপুত্ৰ নদীয়েদি বাংলাদেশলৈ নিবলৈ চেষ্টা চলাই থকা সময়তে আৰক্ষী ৰাভাটাৰী চৰত উপস্থিত হয়।

লগতে পঢ়ক : সোণাৰিত ৩০ জুনৰ ভিতৰত ৰেচন কাৰ্ড সমর্পণ কৰিবলৈ জাননী জাৰি উপায়ুক্তৰ

আৰক্ষীক দেখা পাই কেইবাজনো গৰু সৰবৰাহকাৰী গৰু ভৰ্তি নাওঁ এৰি পলায়ন কৰে। ইয়াৰে এজনক অৱশ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত গৰু সৰবৰাহকাৰী জনৰ নাম আশ্ৰফ আলী বুলি জানিব পৰা গৈছে। গৰু সৰবৰাহকাৰী কেইজন পলায়ন কৰাৰ পূৰ্বে নাওঁখন ফুটা কৰি দিয়াত ব্ৰহ্মপুত্ৰ নদীত নাওঁখন ডুব যায় যদিও আৰক্ষীয়ে গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply