গুৱাহাটী : মহানগৰ আৰক্ষীৰ এক বৃহৎ সাফল্য। আৰক্ষীয়ে জালত পেলালে গাড়ী চোৰ চক্ৰৰ সাতজনকৈ সদস্যক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই গীতানগৰ আৰক্ষীয়ে জালত পেলাই গাড়ী চোৰ চক্ৰৰ লগত জড়িত থকা এই সাতজন সদস্যক।
ৰাজ্যত মাৰাত্মক ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ ঘটি থকা সময়তে মহানগৰীৰ গুৱাহাটীৰ গীতানগৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সাফল্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই গীতানগৰ আৰক্ষীয়ে এই বৃহৎ গাড়ী চোৰ চক্ৰৰ সাতজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ধৃত গাড়ী চোৰ চক্ৰৰ সদস্য কেইজন হৈছে ক্ৰমে মহানগৰ গুৱাহাটীৰ খানাপাৰৰ দেৱজিৎ ভট্টাচাৰ্য্য, উজান বজাৰৰ মন্দিপ দাস, হাউলিৰ ধ্ৰুৱ জ্যোতি দাস আৰু হোজাই জিলাৰ চাৰিজন কমল শৰ্মা, প্ৰেমজিত সিংহ, দ্বীপ ৰয় আৰু সঞ্জীত সিংহ। ধৃত গাড়ী চোৰ চক্ৰৰ সদস্য সাতজনৰ বিৰুদ্ধে মহানগৰীৰ বিভিন্ন থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে।
লগতে পঢ়ক : পুঠিমাৰী নদীৰ দুয়ো কাষৰ মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই
গাড়ী চোৰ চক্ৰৰ এই সদস্য কেইজন আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ চক্ৰৰ লগত জড়িত বুলিও জানিব পৰা গৈছে। গাড়ী চোৰ চক্ৰৰ সদস্য কেইজনক জেৰে চলাই আৰক্ষীয়ে তথ্য লাভ কৰিছে যে এই চক্ৰটোৱে বহু গাড়ী বহিঃৰাজ্যত বিক্ৰী কৰিছে।