মানকাচৰ : মানকাচৰত ৩১ জনলৈ বৃদ্ধি পালে কভিড আক্রান্ত ৰোগীৰ সংখ্যা। শনিবাৰে মানকাচৰত নতুনকৈ ৭ জনকৈ লোকৰ শৰীৰত ধৰা পৰে কভিডৰ অৱস্থিতি।ধানুৱাত ৩ জন, জোৰডাঙ্গাত ২ জন, বোৱালিযাত ১ জন আৰু তেলিপাৰাত ১ জন লোক শনিবাৰে নতুনকৈ কভিডত আক্ৰান্ত হৈছে।
সমগ্ৰ দেশতে এতিয়া কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱলীলা চলাই আছে। দেশত প্ৰতিদিনে লক্ষাধিক লোক কভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। কভিড ৰোগীৰ সংখ্যা দেশত ইমানেই ভয়াবহভাৱে বৃদ্ধি পাইছে যে চিকিৎসালয় সমূহত ঠাই আৰু অক্সিজেৰ নাটনি দেখিবলৈ পোৱা গৈছে।
সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহিঃৰাজ্যৰ পৰা ৰে’ল আৰু বিমান যোগে অসমলৈ অহা বহু লোক কভিডত আক্রান্ত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে।
শনিবাৰে মানকাচৰত নতুনকৈ ৭ জনকৈ লোকৰ শৰীৰত ধৰা পৰে কভিডৰ অৱস্থিতি। এই ৭ জন লোকৰ পিছতে মানকাচৰত মুঠ আক্রান্তৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে। মানকাচৰৰ ধানুৱাত ৩ জন, জোৰডাঙ্গাত ২ জন , বোৱালিযাত ১ জন আৰু তেলিপাৰাত ১ জনসহ মুঠ ৭ জন লোক শনিবাৰে নতুনকৈ কভিডত আক্ৰান্ত হৈছে।