সোণাৰি : নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল সাতজনকৈ যুৱক।
আলফা (স্বা)ত যোগদান কৰিবলৈ আহা যুৱক কেইজনৰ নাম ভাস্কৰ গগৈ, পংকজ গগৈ , প্ৰফুল্ল ফুকন, মনোৰঞ্জন দুৱৰা, বিতুল বৰুৱা, বিকি ৰাজখোৱা আৰু সমৰজ্যোতি লহকৰ।
ইয়াৰে সমৰজ্যোতি লহকৰ আৰু বিকি ৰাজখোৱাৰ ঘৰ নগাঁও জিলাত আৰু বাকী পাঁচজন শিৱসাগৰ জিলাৰ ডিমৌৰ বাসিন্দা।
নগাঁৱৰ সমৰজ্যোতি লহকৰ আত্মসমৰ্পণ কাৰী আলফা আৰু তেওঁৰ নেতৃত্বতেই এই যু্ৱককেইজনে আলফা স্বাধীনত যোগদান কৰিবলৈ আহিছিল বুলি জানিব দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকে।
লগতে পঢ়ক-২০ মিনিটত এটা ৰোল খাওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ
চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলচৰ যুটীয়া অভিযানত সোণাৰিৰ জবকাত আটক হল যুৱককেইজন।
অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।