মানকাচৰ : পূজাৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে দুর্ঘটনা। কৰবাত যি পথ দুর্ঘটনাত নিহত হৈছে লোক, কৰবাত আকৌ নদীত ডুব গৈছে শিশু। পূজাৰ আনন্দৰ মাজতে এইবাৰ মানকাচৰত এটি ৭ বছৰীয়া শিশুৰ সলিল সমাধি।

মানকাচৰৰ দক্ষিণ ময়নাবান্ধাত এৰি ৭ বছৰীয়া শিশুৰ সলিল সমাধি ঘটে। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে ৭ বছৰীয়া শিশু জাহিদ খানৰ। লগৰীয়াৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল জাহিদ খান।

আন কেবাজনো সহযোগীৰ লগত পুখুৰীত গা ধুই থকা অৱস্থাত হঠাৎ পুখুৰীৰ মাজত নোখোজ হৈ পৰে জাহিদ খান। লগে লগে শিশুটিক উদ্ধাৰ কৰাৰ বাবে স্থানীয় ৰাইজে অভিযান আৰম্ভ কৰে।

লগতে পঢ়ক :  কাৰ্বি আংলং জিলাত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

দীর্ঘ সময় ধৰি ৰাইজৰ অভিযানত পানীৰ মাজৰ পৰা অচেতন অৱস্থাত শিশুটিক ৰাইজে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply