নিউজ ডেস্ক : নিজৰ ৭ বছৰীয়া পুত্ৰক মোবাইলত গে’ম খেলিবলৈ দি মূৰে কপালে হাত দিব লগীয়া হৈছে এগৰাকী ব্যক্তিৰ। পুত্ৰই গে’ম খেলাৰ নামত লোকজনে ভৰিব লগা হৈছে প্ৰায় ১.৩৩ লাখ টকা, যাৰ বাবে তেওঁ নিজৰ গাড়ী পৰ্য্যন্ত বেছিব লগা হৈছে।

শুনিবলৈ আচৰিত যেন লগা এই ঘটনা সংঘটিত বৃটেইনৰ নৰ্থ ৱে’লছত।

লগতে পঢ়ক : ১ জুলাইৰ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ দাম; জানক কিমান টকা বাঢ়িব

মোহম্মদ মুটাজা নামৰ লোকজনৰ ৭ বছৰীয়া পুত্ৰ আছাজে তেওঁৰ iPhoneত প্ৰায় এঘণ্টা ধৰি ড্ৰেগনছ: ৰাইজ অৱ বাৰ্ক নামৰ এটা গে’ম খেলি থাকোতে অধিক অগ্ৰগতিৰ বাবে কেইবাটাও ইন-এপ পাৰ্চেজ কৰে। যাৰ ফলত মুটাজাই ভৰিব লগা হয় ১,২৮৯.৭০ পাউণ্ড (প্ৰায় ১.৩৩ লাখ টকা)।

পেচাত এজন চিকিৎসক মুটাজাই পুত্ৰই কৰা বিল পৰিশোধ কৰিবলৈ নিজৰ টয়টা আইগ’ বাহনখন বিক্ৰী কৰিবলৈ বাধ্য হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply