গুৱাহাটী: ৰাইজৰ দলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি নিৰ্বাচনৰ আগত একগোট হোৱা ৭০ টা সংগঠনে আজি ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰাৰ লগতে তেওলোকৰ ৭০ সংগঠনৰ মঞ্চখন ভংগ কৰাৰ কথা ঘোষণা কৰে । গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত সংগঠন সমূহৰ নেতৃত্বই ৰাইজৰ দল বৰ্তমান সময়ত অখিল গগৈ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীত পৰিনত হৈছে বুলি উল্লেখ কৰে ।গুৱাহাটী প্ৰেছ ক্লাৱত ৭০ সংগঠনৰ নেতৃত্ব আৰু ৰাইজৰ দলৰো বহু কেইগৰাকী বিষয়ববীয়াই এই সংবাদমেল সম্বোধন কৰে ।
বিষয়ববীয়াসকলে সংবাদমেল সম্বোধন কৰি ‘ৰাইজৰ দল’ৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি অখিল গগৈয়ে সংবিধান অৱমাননা কৰাৰো অভিযোগ উত্থাপিত কৰে সংবাদমেলত।ৰাইজৰ দলৰো কেইবাগৰাকী কেন্দ্রীয় নেতাই আজি দল ত্যাগ কৰে।অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠি সংগঠনসমূহৰ বিষয়ববীয়াই ‘ৰাইজৰ দল’ত চৰম একনায়কত্ববাদ চলা বুলিও আক্ষেপ প্ৰকাশ কৰে ৭০ সংগঠনৰ বিষয়ববীয়াই।বৰ্তমান সময়ত ‘ৰাইজৰ দল’ ব্যক্তিকেন্দ্ৰিক দল হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে।নিজৰ মুনাফা অৰ্জনৰ বাবে ৰাইজৰ দল চলোৱাৰো অভিযোগ কৰে ।
অভিযোগ উত্থাপন কৰি সংগঠনসমূহৰ নেতৃত্বই দলটোৰ কামকাজে ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে বুলি উল্লেখ কৰে। দলটোৱে বৰ্তমান জাতীয় স্বাৰ্থৰ প্ৰতি পিঠি দিছে, দলীয় অন্ত:কন্দলে গা কৰি উঠিছে।
ব্যক্তি স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছে। চৰম একনায়কত্ববাদ চলিছে ৰাইজৰ দলৰ মাজত। নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কোনো ধৰণৰ সাংগঠনিক কথা বতৰা ৭০ সংগঠনৰ সৈতে আলোচনা হোৱা নাই। সেইবাবেই ৭০ সংগঠনৰ ঐক্যমঞ্চ আজিৰে পৰা ভংগ ঘোষণা কৰে ।ৰাইজৰ দলৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক কমিটিৰ কেইবাজনো নেতা উপস্থিত থাকে।
লগতে পঢ়ক-বিশ্ব পৰ্যটন দিৱস; প্ৰতিজন পৰ্যটকে ভ্ৰমণ কৰিবলগীয়া উত্তৰ-পূবৰ কেইখনমান বিশেষ গাঁও
‘আমছু’ নেতাক ৰাইজৰ দলত স্থান দিয়া কাৰ্যৰো গৰিহনা দিয়ে । থাওৰা নিৰ্বাচনক লৈ ৰাতিটোৰ ভিতৰতে কৃষক মুক্তিৰ নেতাক দল ত্যাগ কৰি পিছদিনাই দলীয় প্ৰাৰ্থী ৰূপে ঘোষণা কৰা কাৰ্যৰো সমালোচনা কৰি সংগঠন সমূহৰ নেতৃত্বই কয় কোনো দিনে অখিল গগৈয়ে আলোচনা কৰাৰ গুৰুত্ব নিদিলে । তেওৰ যি মন যায় সেই মৰ্মেই কাম চলিছে , গতিকে এনে দলৰ সৈতে ৭০ টা সংগঠনৰ মিলি থকাৰ যুক্তিযুক্ততা নাই বুলি দোহাৰে সংগঠন সমূহৰ নেতৃত্বই ।
৭০ টা সংগঠনৰ লগতে নিজৰো বহুকেইজন নেতাৰ বিস্ফোৰক অভিযোগৰ পিছত ৰাইজৰ দলৰ হৈ কমল কুমাৰ মেধী আৰু ভাস্কো ডি শইকীয়াই দল বিৰোধী নেতিবাচক শক্তিয়ে ত্যাগ কৰাত আদৰণি জনাই ।