কাজিৰঙা : মঙলবাৰেও অপৰিবৰ্তিত অৱস্থাত আছে ৰাজ্যৰ বান পৰিস্থিতি। উজনি-নামনিৰ কেইবাখনো জিলাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ভাদ মহীয়া বানে। বানৰ ফলত ৰাজ্যত প্ৰভাৱিত হৈছে তিনি লক্ষাধিক লোক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে।
বছৰৰ দ্বিতীয়টো বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২৩ টা বনশিবিৰৰ ভিতৰত ইতিমধ্যে ১২৫ টা শিবিৰ জলমগ্ন হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৭০ শতাংশ অঞ্চল বানৰ কৱলত পৰাত উদ্যানখনৰ বন্যপ্ৰাণী নিৰাপদ স্থানৰ সন্ধানত কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে। কাৰ্বি পাহাৰলৈ নিৰাপদ স্থানৰ সন্ধানত ওলাই আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত বাহনৰ খুন্দাত তিনিটাকৈ পহুৰ মৃত্যু হৈছে।
আনহাতে বানৰ কৱলত পৰা উদ্যানখনত আন কাৰণত মৃত্যুৰ মুখত পৰিছে আন এটা পহু।বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ৭০ শতাংশ অঞ্চল জলমগ্ন হৈ থকাৰ ফলত উদ্যানখনৰ ভিতৰত থকা ওখ স্থান সমুহৰ বাদে অধিকাংশ এলেকাই এতিয়া বানৰ কৱলত৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰ, বাগৰি, কহঁৰা, অগৰাতলিৰ লগতে উত্তৰ পাৰ বনাঞ্চলো বৰ্তমান বাঢ়নি পানীৰ কৱলত৷
বানৰ কৱলত পৰা উদ্যানখনৰ বন্যপ্ৰাণী সমূহে যাতে নিৰাপদে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব পাৰে ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনে-নিশাই নিয়োজিত হৈ আছে বনকৰ্মীসকল। ইফালে কাজিৰঙাৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰাক চালকৰ লগতে অন্যান্য সাধাৰণ নাগৰিকসকলকো পৰাপক্ষত কাজিৰঙাৰ মাজেৰে উজনি অসম ভ্ৰমণ কৰাৰ পৰিৱৰ্তে বগীবিল হৈ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে।
আনহাতে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ মাজেৰে ট্ৰাক চলাচল বন্ধ কৰাৰ নির্দেশ দিছে। উজনি অসমৰ পৰা অহা বাহনে ডিব্ৰুগড়ৰৰ বগীবিল দলঙ হৈ নামনি অসমলৈ আহিব লাগিব। নামনি অসমৰ পৰা অহা বাহনে শৰাইঘাট দলঙ হৈ বাইহাটা চাৰিআলিৰে ডিব্ৰুগড়লৈ যাব আৰু মধ্য অসমৰ গাড়ীবোৰ ৰঙিয়া, বাইহাটা হৈ বগীবিল দলঙেৰে উজনি অসমলৈ যাব। গুৱাহাটী পাৰ হৈ উজনি অসমলৈ যোৱা বাহনবোৰ তেজপুৰৰ কলিয়াভোমোৰা দলং হৈ উজনি অসম লৈ যাব পাৰিব।
লগতে পঢ়ক : মাজুলীত বান সাহায্য প্ৰদান কৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে
কাজিৰঙাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী সমূৰ সুৰক্ষাৰ বাবে বাহনসমূহৰ টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। ইফালে উদ্যানখনৰ ৭০ শতাংশ অঞ্চল বাঢ়নী পানীত ডুব যোৱাত গঁড়, বনৰীয়া মহৰ লগতে হাতী আৰু অন্যান্য বন্যপ্ৰাণীয়ে উদ্যানখনৰ ভিতৰত থকা ওখ ঠাইত আশ্ৰয় লৈছে।