নিউজ ডেস্কঃ সুৰাপায়ী আৰু সুৰা ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহৰ লক্ষ্য কৰি লৈছে চৰকাৰে । ৰাজ্য চৰকাৰে নতুনকৈ গাঁৱে-ভূঞে ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে পৰিকল্পনা কৰি ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে । এই ৭০০ খন নতুন ৱাইন শ্বপৰ জৰিয়তে ৰাজকোষলৈ বছৰি ৩০০০ কোটি টকা পর্যন্ত আবকাৰী শুল্ক বৃদ্ধি পাব।
লক্ষণীয়ভাৱে এইবাৰ উক্ত ৭০০ খন নতুন ৱাইন শ্বপৰ নামত দিছপুৰে তাৎক্ষণিকভাৱে প্ৰায় ৫০ কোটি টকা সংগ্ৰহৰ অভিলাষী পৰিকল্পনা কৰিছে । আবকাৰী আয়ুক্তালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেৱল নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন আৰু পঞ্জীয়ণৰ বাবতে এই বৃহৎ অংকৰ কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বিভাগীয় সূত্ৰটোৱে প্ৰকাশ কৰা মতে আবকাৰী নিয়ম অনুসৰি অনুজ্ঞাপত্ৰৰ আবেদন মাছুল হৈছে ১ লাখ টকা ।
অৱশ্যে আৱেদন পত্ৰৰ সৈতে জমা দিবলগীয়া ১ লাখ টকাৰ ধনৰাশি অপৰিশোধনীয় । অর্থাৎ আবেদনকাৰীয়ে অনুজ্ঞাপত্ৰ লাভ নকৰিলেও বিভাগীয় কৰ্তৃপক্ষই আবেদন মাচুলৰ বাবদ আদায় লোৱা ১ লাখ টকা ঘূৰাই নিদিয়ে । তদুপৰি বিভাগে ৭০০ খন নতুন ৱাইন শ্বপৰ বাবে গড়ে ৫ খনকৈ আবেদনপত্ৰ লাভ কৰাৰ আশা কৰিছে । সেই অনুসৰি ৭০০ খন ৱাইন শ্বপৰ বাবে যদি মুঠ ৩,৫০০ খন আবেদন লাভ কৰে তেন্তে উক্ত আবেদনৰ পৰাই ১ লাখ টকাকৈ মুঠ ৩৫ কোটি টকা সংগ্ৰহ হ’ব ।
বিভাগীয় কর্তৃপক্ষই এখন অনুজ্ঞাপত্ৰৰ বিপৰীতে ৫ খনকৈ আবেদনৰ আশা কৰিছে যদিও পূৰ্বতে গ্ৰামাঞ্চলৰ একোখন বাৰ তথা ৱাইন শ্বপৰ বাবেই গড়ে ১৫-২০ খনকৈ আবেদন লাভ কৰাৰো উদাহৰণ আছে । স্বাভাৱিকতেই আবেদনৰ সংখ্যা বৃদ্ধি পালে সংগৃহীত মাছুলৰ ধনো বহু বৃদ্ধি পোৱাটো নিশ্চিত ।
ইফালে আবেদনকাৰীসকলৰ মাজৰ পৰা ৭০০ খন অনুজ্ঞাপত্ৰ অনুমোদন দিলে ৱাইন শ্বপ খোলাৰ বাবে আবকাৰী বিভাগক অতিৰিক্ত ২ লাখ টকাকৈ পঞ্জীয়ন মাছুল দিব লাগিব । অর্থাৎ এই পঞ্জীয়ন মাছুলৰ পৰাও বিভাগে প্ৰায় ১৫ কোটি টকা সংগ্ৰহ কৰিব ।