যোৱা কালি ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি ঘটোৱা হয়।

ৰাজ্য চৰকাৰে এক নির্দেশযোগে ৮৪ গৰাকী এ চি এছ বিষয়াক বদলি কৰে। ইয়াৰে ৭১ গৰাকীক পদোন্নতিসহ বদলি কৰা হয়।

তথ্য অনুসৰি, যোৰহাটৰ জিলা উন্নয়ন আযুক্ত অধৰ ভূঞাক অসম চুক্তি ৰূপায়ণ বিভাগৰ যুটীয়া সচিবৰূপে বদলি কৰা হয়। অনুসূচিত জাতি উন্নয়ন বিভাগৰ সঞ্চালক তথা আবকাৰী বিভাগৰ যুটীয়া সচিব কুলশী নাথক আবকাৰী বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা আঁতৰোৱা হয়। কৰিমগঞ্জৰ জিলা উন্নয়ন আযুক্ত বিক্ৰম দেৱশৰ্মাক কৰ্মচাৰী প্ৰশাসন বিভাগৰ যুটীয়া সচিবৰূপে বদলি কৰা হৈছে। একেদৰে দৰঙৰ জিলা উন্নয়ন আযুক্ত শুভলক্ষ্মী ডেকাক সীমান্ত সুরক্ষা উন্নয়ন বিভাগৰ সঞ্চালক, লখিমপুৰ জিলা উন্নয়ন আযুক্ত মনোজ কুমাৰ বৰুৱাক বিজ্ঞান-প্রযুক্তি বিভাগৰ যুটীয়া সচিব, গোৱালপাৰাৰ জিলা উন্নয়ন আযুক্ত অশ্রুমণি মালাকাৰক শিক্ষা বিভাগৰ যুটীয়া সচিব, যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাক যোৰহাটৰ জিলা উন্নয়ন আয়ুক্ত, বঙাইগাঁৱৰ জিলা উন্নয়ন আযুক্ত ভাস্কৰ দাসক জনজাতি কল্যাণ (ভৈয়াম) বিভাগৰ যুটীয়া সচিব, ধুবুৰীৰ জিলা উন্নয়ন আয়ুক্ত কামতা দাসক স্বাস্থ্য বিভাগৰ যুটীয়া সচিব, গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত ৰঙিত স্বৰ্গীয়াৰীক পঞ্চায়ত গ্রামোন্নয়ন বিভাগৰ যুটীয়া সচিব, শিৱসাগৰৰ জিলা উন্নয়ন আযুক্ত শোভান গোৱালাক চাহ জনজাতি আৰু শ্রম উন্নয়ন বিভাগৰ যুটীয়া সচিব, শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাক লখিমপুৰৰ জিলা উন্নয়ন আয়ুক্ত, ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকক স্বাস্থ্য বিভাগৰ যুটীয়া সচিবৰূপে বদলি কৰা হৈছে।

আনহাতে, ৭১ গৰাকী বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে। তেওঁলোক হ’ল– প্রশান্ত বৰুৱা, সুৰঞ্জনা সেনাপতি, সুজিৎ বাগলাৰী, গুর্ণেল সিং, দীপক জিদুং, বিপুল কুমাৰ দাস, গৌৰীশংকৰ দাস, হেমাংগ পেগু, বিপুল কুমাৰ দাস, লাচিত কুমাৰ দাস, পবিত্র কুমাৰ দাস, সত্যজ্যোতি বৰুৱা, দিলীপ তেৰাং, পার্থসারথি জহৰী, ঋতুপর্ণ ঠাকুৰীয়া, দেৱযানী চৌধুৰী, মিৰাণ্ডা দাস, অনুপম ডেকা, পল্লব মজুমদাৰ, পংকজ চক্রবর্তী, কল্পনা ডেকা, ধ্রুবজ্যোতি দাস, কুলেন শর্মা, মধুচন্দা তালুকদাৰ, গীতাৰ্থ বৰুৱা, সমীৰণ বৰা, বণদীপ কুমাৰ ডাম, গয়াপ্রসাদ আগৰৱালা, কমলজিৎ তালুকদাৰ, দেৱজিৎ বৰুৱা, ৰাজীৱ থাপা, অনুপ কুমাৰ ব্ৰহ্ম, মঞ্জিত সোণোৱাল, জিতু কুমাৰ দাস, উইলবার্ন দৈমাৰী, ললিতা ৰংপিপী, সঞ্জীৱ কুমাৰ বৰা, পমি বৰুৱা, আশ্রাফুল আমিন, অনুজা ভূঞা, মৃগাংক চৌধুৰী, সঞ্জীৱ কুমাৰ শৰ্মা, গুণজিৎ বয়চৌধুরী, ঋতুপর্ণ চক্রবর্তী, ৰাজেছান তেৰাং, পূৰবী গগৈ, দীপক ভূঞা, তৌহিদুৰ ৰহমান, ৰাহুল চন্দ্ৰ দাস, পারিজাত ভূঞা, পংকজ কুমাৰ ডেকা, ইন্দ্রনী দাস, সিদ্ধার্থ গোস্বামী, সুশান্ত কুমাৰ দত্ত, চিন্ময় প্রকাশ ফুকন, অবিন্দম বৰুৱা, লক্ষ্মীনন্দন চহৰীয়া, শ্যামল কে গগৈ, দীপু কুমাৰ ডেকা, ৰঞ্জিত কোঁৱৰ, বিতোপন নেওগ, ৰণবীৰ বৰা, বিশ্বজিৎ ফুকন, সত্যজিৎ চেতিয়া, গকুল চন্দ্ৰ ব্ৰহ্ম, কামদের ব্রহ্ম, মামণি পাৰ্মি, অঞ্চলা বসুমতাৰী, চামিলা বৈশ্য, বিপুল দাস আৰু বিবেক শ্যাম পায়েক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply