নিউজ ডেস্কঃ আজি দুৰ্গাপূজা। দুৰ্গাপূজাৰ সময়ত ৰাজ্যত যাতে কোনো ধৰণৰ দুৰ্ঘটনা বা সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি নিজৰ দায়িত্ব পালন কৰি গৈছে অসম আৰক্ষীয়ে।
উল্লেখ্য যে, আজি দুৰ্গাৰপূজাৰ ষষ্ঠীৰ লগতে অসম আৰক্ষী দিৱস পালন কৰিছে আৰক্ষীয়ে। ১৯৫১চনৰ ১ অক্টোবৰত অসম আৰক্ষীৰ অধীক্ষক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা আইপিএছ বিষয়া কে.আৰ. চৌধুৰীৰ স্মৃতিতে আয়োজন কৰা হৈছে অসম আৰক্ষী দিৱস।
এইবাৰ অসম আৰক্ষী দিৱস উপলক্ষে বিভাগটোৰ ২৬১ গৰাকী বিষয়ালৈ আগবঢ়োৱা হ’ব আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীৰ ত্যাগৰ বাবে ধন্যবাদ জনাইছে অসম আৰক্ষীক।
মুখ্যমন্ত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত পোষ্ট দি লিখিছে- ‘‘True to the motto জনহিতজনসেৱাৰ্থে, the brave men & women of @assampolice have been steadfast in protecting the lives & properties of citizens. On 72nd #AssamPoliceDay, I pay tribute to the sacrifices our police personnel & their families make every day for our safety & security.’’